কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন অনুসৰি আৰু অসম চৰকাৰৰ অধিসূচনা নং ৩৪/৮৯/৪০ জৰিয়তে ‘জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান’, শোণিতপুৰ, স্থাপিত হৈছিল ১৯৮৯ চনৰ ১২ ছেপ্তেম্বৰ তাৰিখে শোণিতপুৰ জিলাৰ বিশ্বনাথত। শোণিতপুৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানে গৌৰৱোজ্জ্বল ৩০ টা বৰ্ষ অতিক্ৰম কৰাৰ লগতে প্ৰাথমিক পৰ্যায়ৰ মানসম্পন্ন শিক্ষক নিৰ্মাণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। বৰ্তমান সময়ত এই প্ৰশিক্ষণ প্ৰতিষ্ঠান অসমৰ ভিতৰতে এখন লেখত ল’বলগীয়া অনুষ্ঠান। সম্প্ৰতি ‘NCTE’ ৰ পাঠ্যক্ৰমৰ জৰিয়তে এই প্ৰতিষ্ঠানে প্ৰাক্ নিযুক্তিকালীন আৰু উত্তৰ নিযুক্তিকালীন প্ৰশিক্ষণ প্ৰদান কৰে। ইয়াৰ লগতে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকক প্ৰশিক্ষণ প্ৰদান কৰা হয়। এই প্ৰতিষ্ঠানে বিভিন্ন বিদ্যালয়ৰ শৈক্ষিক আৰু প্ৰশাসনিক সমস্যাৰ ওপৰত ক্ষেত্ৰভিত্তিক গৱেষনা কৰাৰ লগতে মানদণ্ডপূৰ্ণ শিক্ষাৰ জৰিয়তে প্ৰাথমিক শিক্ষকক সাৰ্বজনীকৰণৰ প্ৰচেষ্টা চলাই আহিছে। ইয়াৰ লগতে ভাল ফলাফল, সুদক্ষ প্ৰশিক্ষক নিৰ্মাণ আৰু পাঠ্যক্ৰম আগবঢ়োৱাৰ প্ৰতিশ্ৰুতিৰে এই প্ৰতিষ্ঠানে সমাজলৈ সেৱা আগবঢ়াই আহিছে।
সবিশেষ জানিবৰ বাবে দাপ্তৰিক ৱেবচাইট চাওক -
যোগাযোগ সবিশেষ
অধ্যক্ষৰ কাৰ্যালয়
জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, শোণিতপুৰ
বিশ্বনাথ চাৰিআলি, অসম, ৭৮৪১৭৬
ইমেইল- dietsonitpur@gmail.com
দূৰভাষ- ০৩৭১৫২২২২৪৮