ই-ডিষ্ট্ৰিক্ট প্ৰকল্পৰ লক্ষ্য নাগৰিক সকলক চৰকাৰী সেৱা সমূহ (G2C) আগবঢ়োৱা। এই চৰকাৰী সেৱাসমূহতেওঁলোকৰ ঠাই সমূহত সাধাৰণ নাগৰিক সকলৰ বাবে ইণ্টাৰনেট সহায়েৰে কমন চাৰ্ভিছ চেণ্টাৰ “অৰুণোদয় কেন্দ্ৰ” আৰু পাব্লিক ফেচিলিটেস্যন চেণ্টাৰচ (PFCs) ৰ জৰিয়তে জিলা উপায়ুক্ত আৰু চক্ৰৰ মাধ্যমেৰে চৰকাৰী সেৱা সমূহ সুলভ হয়। গ্ৰাম্য স্তৰত নাগৰিক সকলে চিএচচি ৰ মাধ্যমেৰে সেৱাসমূহ লাভ কৰে। সকলো প্ৰমাণ পত্ৰতে ডিজিটেল ৰুপত স্বাক্ষৰ কৰা থাকে আৰু অনলাইন যোগে http://edistrict.assam.gov.in/ ৱেবচাইটত প্ৰতিপন্ন কৰিব পাৰি। অনলাইন বা শাৰিৰীক ৰূপত পিএফচি বা চিএচচি কেন্দ্ৰৰ মাধ্যমেৰে আৱশ্যকীয় সহায়ক দস্তাবেজ জমা কৰি নিম্ন লিখিত সেৱাসমূহ লাভ কৰিব পৰা যাব-
১. উত্তৰাধিকাৰীৰ প্ৰমাণ পত্ৰৰ বাবে আবেদন
২. পলমকৈ আবেদন কৰা জন্মৰ প্ৰমাণ পত্ৰৰ বাবে আবেদন
৩. পলমকৈ আবেদন কৰা মৃত্যুৰ প্ৰমাণ পত্ৰৰ বাবে আবেদন
৪. স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰৰ বাবে আবেদন (উচ্চ শিক্ষাৰ বাবে প্ৰজোয্য)
৫. নন্ ক্ৰিমিলেয়াৰ প্ৰমাণ পত্ৰৰ বাবে আবেদন
৬. জ্যেষ্ঠ নাগৰিকৰ প্ৰমাণ পত্ৰৰ বাবে আবেদন
৭. আয়ৰ প্ৰমাণ পত্ৰৰ বাবে আবেদন
৮. জাতিৰ প্ৰমাণ পত্ৰৰ বাবে আবেদন
৯. বাকিজাই আদায়ৰ পত্ৰৰ বাবে আবেদন
✉শাখাৰ ইমেইল ঠিকনা dmit.dc-bis@assam.gov.in