জিলা আৰু মহকুমা বিষয়া সকলৰ মূখ্য কাৰ্যকলাপ হৈছে অৰ্থনীতি আৰু পৰিসংখ্যা সঞ্চালকালয়ে প্ৰদান কৰা আৰ্হিত বিভিন্ন বিষয় সমূহৰ তথ্য সমূহ সংগ্ৰহ কৰা, আৰু তাৰ পিচত সংগ্ৰহ কৰা তথ্য সমূহ আৰ্হিত ভৰ্তি কৰি সংকলন আৰু প্ৰকাশনৰ বাবে অৰ্থনীতি আৰু পৰিসংখ্যা সঞ্চালকালয়লৈ আগবঢ়ায় দিয়াইত্যাদি।
অৰ্থনীতি আৰু পৰিসংখ্যা সঞ্চালকালয়ৰ জিলা আৰু মহকুমা বিষয়া সকলৰ কাৰ্যকলাপ সমূহ বহলভাৱে এইদৰে ভাগ কৰিব পাৰি-
২. কৃষি পিয়ল
৫. বাৰ্ষিক সংস্থাপন-অসংস্থাপন সমীক্ষা
৭. অসম চৰকাৰৰ উন্ন আৰু অন্যান্য কৰ্মচাৰী সকলৰ পিয়ল
সঞ্চলকালয়ৰ জিলা আৰু মহকুমাকাৰ্যলয় সমূহে কৃষি আৰু পৰিসংখ্যা আঁচনিৰ তথ্য সমূহ সংগ্ৰহ কৰে। আঁচনি সমূহ যেনে– শস্য পৰিসংখ্যাৰ উন্নতিসাধন, (ICS), শস্য প্ৰাককলন সমীক্ষা(CES), ভূমি ব্যৱহাৰৰ সমীক্ষা(LUS), শস্য আগজাননী(CF), যথাসময়ত আঁচনিৰ অৱগত(TRS), ক্ষেত্ৰ গননাত নমুনা নিৰীক্ষণ কৰা, তামোল, নাৰিকল, ফলমূল আৰু শাকপাচলীৰ নমুনা সমীক্ষা, (ACFV).
২. কৃষি পিয়ল
কেন্দ্ৰীয় খণ্ডৰ আঁচনী সমূহৰ অন্তৰ্গত কৃষি পিয়ল এটা বৃহৎমাপৰ পাৰিসাংখ্যিক অভিয়ান য’ত কৃষি গোট অধিকাৰিক আৰু ভূমি অধিকাৰিক সামৰি কৰা সবিশেষ তথ্য প্ৰাথমিক একক অভিযান হিচাপে সংগ্ৰহ কৰা হয়। আঁচনি খন দেশখনত পঞ্চবাৰ্ষিক হিচাপে সাময়িক অবয়ব ধৰি ৰখা আৰু ইয়াৰ লগত সম্বন্ধীয় বৈশিষ্ট্য যেনে- ভিন্ন মাপৰ শ্ৰেণী সমূহ, সামাজিক গোট সমূহ আৰু লিংগ, ভূমি ব্যৱহাৰ, জলসিঞ্চন পথাৰ আৰু ফচল পথাৰ ইত্যাদিৰ তথ্য সংগ্ৰহ কৰিবলৈ ৰাজহ চক্ৰৰ ৰাজহ বিষয়া সমূহৰ সহায়ত পৰিচালিত হয়। কৃষি পিয়লৰ অনুকৰণত ইনপুট চাৰভে কৰা হয় যিয়ে দেশৰ কৃষি খণ্ডৰ অবয়ৱৰ বিষয়ে মূখ্য বাৰ্তা প্ৰদান কৰে। ২০১৫-১৬ বৰ্ষৰ দশম কৃষি পিয়ল আৰু ইনপুট চাৰভে সম্পূৰ্ণ হয়।
বৈজ্ঞানিক প্ৰতিদৰ্শন কৌশলৰ লগত সংগতি ৰাখি আৰ্থসামাজিক তথ্য সংগ্ৰহ কৰিবলৈ ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় নমুনা সমীক্ষা(NSSO)কাৰ্যলয়টো ১৯৫০ চনত স্থাপন কৰে। মানুহৰ বিভিন্ন আৰ্থসামাজিক স্বৰূপ সমূহৰ বিভিন্ন আঁচনি সমূহ আৰু সংৰূপণৰ বাবে NSSOএ দেশজুৰি ঘূৰণীয়া আকাৰে সমীক্ষা প্ৰৱন্ধ কৰে। ১৯৫৮-৫৯ বৰ্ষৰ পৰা NSS ৰ চৰ্তুদশতম ৰাউণ্ডৰ সমপৰ্যায়ৰ নমুনাৰ আধাৰত জিলা আৰু মহকুমাৰ কাৰ্যলয়ৰ হৈ অসমৰ অৰ্থনীতি আৰু পৰিসংখ্যা সঞ্চালকালয়ে ৰাষ্ট্ৰীয় venture ত যোগদান কৰি আহিছে। Live stok and Tourism ৰ ওপৰত বৰ্তমানে চলি থকা ৰাউণ্ড অৰ্থাৎ ৭৮তম NSS ইতিমধ্যে জানুৱাৰী ২০২০ বৰ্ষত আৰম্ভ হৈছে আৰু ই ডিচেম্বৰ ২০২০ত অন্ত পৰিব।
অৰ্থনীতি আৰু পৰিসংখ্যাৰ সঞ্চলকালয়ৰ জিলা আৰু উপ মহকুমাৰকাৰ্যলয় সমূহে বিভিন্ন মূল্য সমূহ আৰু মূল্যৰ তথ্য সমূহ ৰাজ্যৰ চলিত মূল্যৰ ওপৰত পৰ্য্যাবেক্ষন কৰি মাহেকীয়া, ত্ৰিমাসিক আৰু বাৰ্ষিক মূল্য বিবৃতি প্ৰস্তুত কৰে। কিছুমান উল্লেখযোগ্য মূল্যৰ সমীক্ষণ হৈছে- ফচল সংগ্ৰহৰ মূল্য, পাইকাৰি বিক্ৰী মূল্য, নগৰীয় খুচুৰা বিক্ৰী মূল্য, গ্ৰামীন খুচুৰা বিক্ৰী মূল্য, কৃষি আৱশ্যকীয় বৰ্ধিত পণ্যদ্ৰব্যৰ মাহেকীয়া খুচুৰা বিক্ৰীমূল্য আৰু গাঁও অঞ্চলত বিক্ৰী কৰা আৰু কৃষি শ্ৰমিকৰ মজুৰি, গ্ৰাহকৰ মূল্য নিৰ্দেশক সংখ্যা, অট্টালিকা নিৰ্মান কৰ্মীৰ মজুৰী আৰু ত্ৰিমাসিকি অট্টালিকা নিৰ্মানৰ উপাদানৰ মূল্য আৰু অট্টালিকা কষ্ট ইন্দেক্স।
৫. বাৰ্ষিক নিবনুৱা – অনিবনুৱা সমীক্ষা
ভাৰত চৰকাৰৰ শ্ৰম বিউৰোয়ে নিবনুৱা আৰু অনিবনুৱা এটা সমীক্ষা বছেৰেকীয়া ভাৱে বিশ্বাসযোগ্য হিচাপে এখন চিত্ৰ দাঙি ধৰাৰ চেষ্টা কৰে। এই সমীক্ষা সমূহে অৰ্থনীতি আৰু পৰিসংখ্যা সঞ্চালকালয়, অসমৰ বিভিন্ন শ্ৰমিক বাহিনীৰ জড়িত গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰে। জিলা আৰু মহকুমাৰ কাৰ্যলয়ে এই সমীক্ষা টো ২০১১ বৰ্ষৰ পৰা পৰিচালনা কৰি আহিছে।
১৯৫২ চনত খণ্ড পৰ্যায়ৰ তথ্য সংগ্ৰহ আৰু ৰক্ষণাবেক্ষণ বাবে পঞ্চায়ত আৰু সম্প্ৰদায় উন্নয়ন বিভাগ, অসমৰ সৃষ্টি কৰা হয়। তদানুসাৰে অসম পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ লগত সমন্বয় ৰাখি প্ৰশাসনিক ইণ্টেলিজেঞ্চ ইউনিটটো ১৯৫৭ বৰ্ষত বিভিন্ন ক্ষেত্ৰৰ আন্তঃগাঠনি উন্নয়ন লিপিবদ্ধ ৰাখিবলৈ গঠন কৰা হয়। প্ৰাথমিক পৰ্যায়ত অতি লাগতিয়াল পৰিসংখ্যা তথ্য ৰূপায়ন আৰু উপনীত হ’বলৈ, তাৎক্ষনিক ভাৱে গ্ৰাম্য উন্নয়ন পৰিচালনা যুগুতাবলৈ বিভিন্ন উন্নয়নমূলক অনুষ্ঠান আয়োজন কৰা হয়।
৭. অসম চৰকাৰৰ কৰ্মচাৰী সকলৰ পিয়ল
অসম চৰকাৰৰ কৰ্মচাৰী সকলৰ বিভিন্ন সংক্ৰান্তত তথ্য সংগ্ৰহ কৰাৰ উদ্দেশ্যত ১৯৫৩ বৰ্ষৰ পৰা অসম অৰ্থনীতি আৰু পৰিসংখ্যা সঞ্চালকালয়ে ৰাজ্য চৰকাৰৰ কৰ্মচাৰী সকলৰ পিয়ল পৰিচালনা কৰি আহিছে। ১৯৮৯ বৰ্ষৰ পৰাই অসম অৰ্থনীতি আৰু পৰিসংখ্যা সঞ্চালকালয়ে ৰাজ্য চৰকাৰৰ কৰ্মচাৰী সকলৰ লগতে ৰাজ্যৰ অন্যান্য প্ৰতিস্থানৰো পিয়ল পৰিচালনা কৰি আহিছে। ২০০৪ আৰু ২০০৯ বৰ্ষত বিভিন্ন শেহতীয়া সমীক্ষণ পৰিচালনা কৰা হৈছে যাৰ প্ৰতিবেদন প্ৰকাশিত হৈছিল আৰু ২০১৪ বৰ্ষৰ সমীক্ষণৰ তথ্য সংগ্ৰহৰ কাৰ্য্য চলি আছে।
২০০৮-২০০৯ ৰপৰা ২০১২-২০১৩ লৈ অসমৰ গ্ৰাম্য অঞ্চলৰ Workforce ৰ চলন এটা কাৰ্য্যকলাপৰ পৰা আন এটা কাৰ্য্যকলাপলৈ গতি কৰিছে। সমীক্ষাটোৰ উদ্দেশ্য হৈছে Workforceৰ গতি এটা কাৰ্য্যকলাপৰ পৰা আন এটা কাৰ্য্যকলাপলৈ নিয়াৰ লগতে Workforceৰ গতি কৃষি ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া চিত্ৰ বৰ্ণনা কৰা হৈছে। অধ্যয়নটোৱে অনুসন্ধান কৰিব বিচৰা ঘটনাটো হৈছে- কেনেকৈ workforce ৰ গতিয়ে কৃষিৰ পৰা অন্য কাৰ্য্যকলাপ বোৰলৈ পৰিৱৰ্তন কৰিলে তাৰে ক্ষেত্ৰ অনুসৰি ৰাজ্যৰ যোৱা পাঁছ বছৰৰ মুঠ ৰাজ্যৰ ঘৰোৱা উৎপাদন গঠন। এই সময়খিনিত অসমৰ গ্ৰাম্য workforce ৰ ক্ষেত্ৰ পৰিৱৰ্ত্তনৰ অধ্যয়ন কৰিবলৈও চেষ্টা কৰা হৈছিল। সৰ্বমুঠ ৪৩৮ জন গাঁওবাসীক এই সমীক্ষাৰ বাবে নিৰ্বাচিত কৰা হয়, ইয়াত ৰাজ্যৰ প্ৰতিটো খণ্ডৰ দুখন কৈ গাঁও আছিল। গাঁও বোৰৰ পৰিবাৰ হব গোটটোৰ চূড়ান্ত পৰ্যায় আৰু প্ৰত্যেক নিৰ্বাচিত গাঁও বোৰৰ পৰা ১২ টা পৰিবাৰ যাদৃচ্ছিকভাৱে নিৰ্বাচিত কৰা হয়। ২০১২-১৩ বৰ্ষ ব্যাপী হোৱা সমীক্ষাৰ প্ৰাথমিক কাৰ্য সম্পূৰ্ণ হৈছিল আৰু ইয়াৰ লগত জড়িত প্ৰতিবেদন প্ৰকাশিত ও হৈছিল।