মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ Biswanath District

সংমণ্ডলটোৰ উদ্দেশ্য

সংমণ্ডলটোৰ উদ্দেশ্য হ’ল প্রবাহিত জলসিঞ্চন আঁচনি , উত্তোলক জলসিঞ্চন  আঁচনি,গভীৰ নলীনাদ আঁচনি আৰু অগভীৰ নলীনাদ আঁচনিৰ দ্বাৰা কৃত্রিম ভাবে খেতি পথাৰত পানী যোগান ধৰি কৃষক সকলক উপকৃ্ত কৰা আৰু ইতিমধ্যে বৰষুণৰ পানী যথেষ্ঠ নোহোৱা অঞ্চল বোৰত জলসিঞ্চনৰ ব্যবস্থা কৰি  বহুতো কৃষক সকলক উপকৃ্ত কৰা হৈছে ।আঁচনিৰ প্রকাৰঃ- বিশ্বনাথ সংমণ্ডলৰ অধীনত ৪৬ খন বিভিন্ন প্রকাৰৰ আঁচনি আঁছে । এই ৪৬ আঁচনিৰ ভিতৰত ৩৫ খন সম্পূন  হোৱা আঁচনি আৰু ১১ খন গঠনৰ কাম চলি থকা নতুন আঁচনি । ৩৫ খন সম্পূণ হোৱা আঁচনিৰ  ভিতৰত ১৫ খন প্রবাহিত জলসিঞ্চন আঁচনি আৰু ১৩ খন গভীৰ নলী নাদ আঁচনি । গঠনৰ কাম চলি থকা ১১ খন আঁচনিৰ ভিতৰত ২ খন প্রবাহিত জল সিঞ্চন আঁচনি আৰু ৯ খন গভীৰ নলী নাদ আঁচনি ।

       বিশ্বনাথ সংমণ্ডলৰ দ্বাৰা মুঠ ১৩,৩৫২ হেক্টৰ কৃষি ভূমিত জলসিঞ্চনৰ সামর্থ আহৰণ কৰা হৈছে আৰু তাৰ ভিতৰত প্রবাহিত জলসিঞ্চন আঁচনিৰ দ্বাৰা প্রায় ২২৬০ হেক্টৰ আৰু গভীৰ নলী নাদ  আঁচনিৰ দ্বাৰা প্রায় ১৩৯ হেক্টৰ কৃষি ভূমিত জলসিঞ্চনৰ সামর্থ  আহৰণ কৰা হৈছে ।