মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ Biswanath District

বন আৰু পৰিবেশ বিভাগৰ পাৰ্শ্বচিত্ৰ

বিশ্বনাথ জিলাত বনবিভাগৰ তিনিটা সংমণ্ডল আছে

১. পূব শোণিতপুৰ বন সংমণ্ডল

২. শোণিতপুৰ সামাজিক বনানিকৰণ সংমণ্ডল

৩. বিশ্বনাথ বন্যপ্ৰণী সংমণ্ডল তথা কাজিৰঙা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল

বিশ্বনাথ বন্যপ্ৰণী সংমণ্ডল তথা কাজিৰঙা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল

বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডল, পূৰ্বৰ মধ্য অসম বনানীকৰণসংমণ্ডল, হোজাইৰ পৰা স্থানান্ত ও পুনৰ নামাকৰণ কৰি ১৪ আগষ্ট ২০১৮ তাৰিখে চৰকাৰী অধিসূচনা নং FRM.203/2017/57 এৰে জাৰি কৰা হৈছিল। সংমণ্ডলটোৱে ৪০১ বৰ্গ কিলোমিটাৰ এলেকা ব্যাপি আছে, যিয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৬ষ্ঠ সংযোজন আৰু মোনাবাৰী ভূমি সংৰক্ষণ বৃক্ষৰোপন- এলেকা অন্তৰ্ভুক্ত কৰিছে। সম্পুৰ্ণ অঞ্চলটো  পূৰ্বে পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ অৰ্ন্তগত আছিল আৰু এই অঞ্চলটোৰ চোৱাচিতা উত্তৰ বনাঞ্চলিক কাৰ্যলয়ে কৰিছিল।বিশ্বনাথ বন সংমণ্ডলটো বৰ্তমান চাৰিটা বনাঞ্চলিক কাৰ্যলয়েৰে গঠিত, নামসমূহ-

পূৰ্ব বনাঞ্চলিক কাৰ্যলয়, গমিৰী

কেন্দ্ৰীয় বনাঞ্চলিক কাৰ্যলয়, বিশ্বনাথঘাট

পশ্চিম বনাঞ্চলিক কাৰ্যলয়, নাগশংকৰ

অপৰাধ অনুসন্ধান বনাঞ্চলিক কাৰ্যলয়, বিশ্বনাথ চাৰিআলি

সংমণ্ডলটোৰ বেছি ভাগ অঞ্চল ব্ৰহ্মপুত্ৰ নদীৰ অন্তৰ্ভূক্ত। ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰে প্ৰায়ে সংমণ্ডলটোৰ উত্তৰ আৰু দক্ষিণ সীমা নিৰ্ধাৰণ কৰে। সংমণ্ডলটো দক্ষিণ সীমা আৰু পূৱ অসম বন্যপ্ৰাণীসংমণ্ডলৰ উত্তৰ সীমা একেতাই । সংমণ্ডলটোৰ মানচিত্ৰৰ প্ৰতিলিপি ইয়াৰ লগত সংযুক্ত কৰা হৈছে।

সংমণ্ডলটো প্ৰসাশনীয় পৰিসৰ সম্পূৰ্ণ বিশ্বনাথ জিলা আৰু শোণিতপুৰ জিলাৰ তেজপুৰ মহকুমাত পৰে।

ভৌগলিক অৱস্থিতি- বিশ্বনাথ বন্যপ্ৰাণীসংমণ্ডল অসমৰ বিশ্বনাথ আৰু শোণিতপুৰ জিলাৰ ব্ৰহ্মপুত্ৰ নদীৰ প্লাবনভূমিত অৱস্থিত, ৪০১ বৰ্গকিলোমিটাৰ ক্ষেত্ৰ জুৰি গোটেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৬ষ্ঠ সংযোজন আৰু মোনাবাৰি ভূমি সংৰক্ষণ বিভাগৰ বৃক্ষৰোপন এলেকা আগুৰি আছে। সংমণ্ডলটো ব্ৰহ্মপুত্ৰ নদীৰউত্তৰ পাৰৰ পৰা দক্ষিণ পাৰলৈ তথা পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ উত্তৰ সীমালৈ বিস্তাৰিত হৈ আছে।ব্ৰহ্মপুত্ৰ নদীয়ে এই সংমণ্ডলটোৰ মুঠ ক্ষেত্ৰফলৰ মোটামুটি আধাতকৈ বেছি পানীৰে আগুৰি আছে। ব্ৰহ্মপুত্ৰ নদীৰগৰা-খহনীয়া আৰু নিয়মিত সূঁতি সলনিৰবাবে সংমণ্ডলটোৰ মানচিত্ৰৰ সাল-সলনি ঘটে।

বৰ্ষা ঋতু সময়চোৱাত এই বিভাগৰ প্ৰায় ৮০%  অঞ্চল বানপানীত জলমগ্ন হয়। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমূহৰ গতি আৰু সূতি সলনিৰফলস্বৰূপে নদীৰ বালিচাপৰিত ওখ ঘাঁহ, বন আদিৰ এটা বিচিত্ৰ সমাহাৰ দেখা যায়, যিয়ে বন্য প্ৰাণী, বিহংগ আৰু কীট-পতংগৰে, বিশাল জৈৱ বৈচিত্ৰতাৰ জন্ম দিয়ে।

প্ৰাকৃতিক সৌন্দৰ্যঃ সংমণ্ডলটোৰ ব্ৰহ্মপুত্ৰ নদীৰ অৱস্থিতি আৰু পাৰ্শ্ববৰ্ত্তী পাহাৰ-ভৈয়াম আদিৰ উপস্থিতিয়েমুক্ত আকাশৰ সৌন্দৰ্যক মহিমামন্দিত কৰে।

বনস্পতি আৰু জীৱজন্তুঃ পৃথিৱী বিখ্যাত এশিঙিয়া গড়ৰ লগতেবনৰীয়া হাতী, বনৰীয়া মহ, দল হৰিণ, খুটিয়া পহু, শৰ পহু, বনৰীয়া গাহৰি, ঢেকীয়াপটিয়া বাঘ, শিহু আৰু বিভিন্ন জাতিৰ স্থানীয় আৰু পৰিভ্ৰমী চৰাই আদিয়ে এই সংমণ্ডলটোৰ সৌন্দৰ্য্য বৰ্ধন কৰে।