সমবায় সমিতি এখন স্বায়ত্ব শাসিত প্ৰতিষ্ঠান য’ত ব্যক্তি সকলে স্বইচ্ছাৰে একত্ৰিত হৈ উমৈহতিয়া অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক প্ৰয়োজনসমূহ আৰু যৌথ মালিকাধীন গণতান্ত্ৰিক নিয়ন্ত্ৰিত প্ৰতিষ্ঠানৰ মাধ্যমেৰে তেওঁলোকৰ আকাংখ্যা সমূহ পূৰণ কৰে।
সমবায় সমূহ হ’ল জনগণৰ স্বায়ত্তশাসিত প্ৰতিষ্ঠান আৰু এই প্ৰতিষ্ঠান সমূহ অসম সমবায় সমিতি বিধানৰ অন্তৰ্গত সংগঠিত আৰু নিবন্ধিতঃ সহযোগৰ সিদ্ধান্তৰ আধাৰত নিজৰ অংশীদাৰ সামাজিক-আৰ্থিক স্থিতি সমূহৰ উন্নয়নৰ উদ্দেশ্য ৰাখি আইন কৰে।
অসম চৰকাৰৰ সমবায় বিভাগে সমাজৰ দুৰ্বলশ্ৰেণীৰ বাবে আৰ্থ সামাজিক উন্নয়নৰ ক্ষেত্ৰত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমবায় সমূহ সংগঠিত আৰু নিবন্ধিত কৰাৰ মূখ্য উদ্দেশ্য হৈছে-ইয়াৰ লগত জড়িত সদস্যসকলৰ আৰ্থ-সামাজিক অৱস্থাৰ পদোন্নতি কৰা। সমবায়সমূহ হ’ল স্বায়ত্তশাসিত সংস্থা আৰু অসম সমবায় সমিতি আইন/২০০৭ অৰু ইয়াৰ আধাৰত ৰচিত নিয়মাৱলী অনুসৰি পৰিচালিত হয় । সমবায় সমূহে আমাৰ অৰ্থনীতিৰ প্ৰায় সকলো ক্ষেত্ৰকে সামৰি লৈছে।
কৃষি আৰু ইয়াৰ সম্বন্ধীয় ক্ষেত্ৰসমূহ যেনে-হস্তশিল্প, ৰেচম পশুধন, গৃহনিৰ্মান, মীন পালন, দুগ্ধ উৎপাদন ইত্যাদি স্থানীয় সম্পদসমূহৰ ব্যৱহাৰ কৰি আয় আৰু স্ব-ৰোজগাৰৰ সুযোগ সৃষ্টিৰ বাবে সমবায় সমূহ গঠন কৰা হৈছিল। সমবায় সমূহে সমাজৰ অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক বিকাশৰ বাবে কাম কৰে।
তেওঁলোকে গ্ৰাম্য অঞ্চলৰ মানুহক প্ৰয়োজনীয় সেৱা সমূহ বিশেষ পদ্ধতিগত ৰূপত আগবঢ়ায় আহিছে যিটো আনৰ পক্ষে সম্ভম নহয়।
এই সমবায় সমূহে সামাজিক মূলধন সৃষ্টি কৰাত প্ৰচুৰ অৱদান আগবঢ়াইছে আৰু সামাজিক মূলধন হৈছে গণতন্ত্ৰৰ এটা স্তম্ভ। সামুহিক আস্থা হৈছে সামাজিক মূলধনৰ ভিত্তি। এইটো হ’ব পাৰে য’ত গোটটোৰ সকলো সদস্যৰ দ্বাৰা একে মান আৰু নিয়ম সমূহ পালন কৰে। সমবায় সমূহ স্বনিৰ্ভৰ আৰু স্বদায়বদ্ধতাৰ ওপৰত নিৰ্ভৰ কৰে। “সকলোৰে বাবে প্ৰত্যেক আৰু প্ৰত্যেকৰ বাবে সকলো”- তেওঁলোকে এই দৰ্শন বিশ্বাস কৰে। তেওঁলোকে আস্থা বঢ়োৱাত আৰু সামাজিক মূলধন জমা কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সমবায় সমিতি সমূহক সামুহিক মানৱ সম্পদ আৰু কৌশল বিকাশ ইউনিট ৰ কাৰণে এটা মঞ্চ হিচাপে ল’ব পাৰে।
বিভিন্ন ধৰণৰ ২৮৩ সংখ্যক সমবায় সমিতি: বিশ্বনাথ জিলাত আছে। সেইবোৰ হ’ল- GPSS, মহিলা বহুমুখী সমবায় সমিতি, পাইকাৰী গ্ৰাহক, সমবায় সমিতি, প্ৰাথমিক গ্ৰাহক, মীন সমবায় সমিতি, কৃষি সমবায় সমিতি, সঞ্চয় আৰু ঋণদান সমবায় সমিতি, দুগ্ধ সমবায় সমিতি, ক্ৰয়বিক্ৰয় সমবায় সমিতি ইত্যাদি। এই বিভাগৰ প্ৰধান কাৰ্য্য সমূহ হ’ল- বিভিন্ন ধৰণৰ সমবায় সমিতিৰ সংগঠন আৰু পঞ্জীকৰণ কৰা, সমিতি সমূহৰ পৰ্যবেক্ষণ, হিচাব পৰীক্ষণ পৰিদৰ্শন বাকিজাই আৰু অৱসায়ন।