বয়ন শিল্প অসমৰ এক আপুৰুগীয়া শিল্প ৷ অতি প্ৰাচীন কালৰ পৰাই অসমত পৰম্পৰাগতভাৱে বয়ন কার্য্য চলি আহিছে ৷অসমীয়া সমাজত বোৱা-কটা এক মর্য্যদাসূচক তথা গৌৰৱোজ্জল কার্য্য হিচাপে লোৱা হৈছে ৷ অসমত বয়ন শিল্পৰ এক গৌৰৱোজ্জল অতীত আছে ৷ ধনী,দুখীয়া,জাতি,ধর্ম,বর্ণ নির্বিশেষে সকলো অসমীয়া মহিলাই বয়ন কর্মৰ যোগেদি ঘৰৰ যৱতীয় সাঁজ-পোছাকখিনি নিজে তৈয়াৰ কৰি লয় ৷দশম শতিকাত ৰচিত কালিকা পুৰাণত অসমৰ বয়ন শিল্প তথা পাট সূতাৰ ব্যৱহাৰ আৰু ৰঞ্জন কলাৰ প্ৰয়োগ সর্ন্দভত বর্ণনা আছে ৷
বর্তমান ৰাজ্যৰ প্ৰায় ২৫ লক্ষ শিপিনীয়ে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে তাঁত শিল্পৰ যোগেদি নিয়োগৰ সুবিধা লাভ কৰিছে ৷কৃষিৰ পিছতে তাঁত শিল্প এতিয়া নিয়োগ সৃষ্টিৰ অন্যতম মাধ্যম হিচাপে পৰিগণিত হৈছে ৷ হস্ত তাঁত শিল্পৰ যোগেদি সহজেই ব্যৱসায়িক উৎপাদনত মনোনিৱেশ কৰিব পাৰি ৷
বিশ্বনাথ জিলা আৰু হস্ত তাঁত আৰু বস্ত্ৰ শিল্প বিভাগ :-
বিশ্বনাথ জিলাত হস্ত তাঁত আৰু বস্ত্ৰ শিল্প খণ্ডটো বিশ্বনাথ চাৰিআালিস্থিত অধীক্ষকৰ কার্য্যালয়ে চোৱা-চিতা কৰি আছে ৷বর্তমান এই কার্য্যালয়ে ৩ টা হস্ততাঁত প্ৰশিক্ষণ কেন্দ্ৰ, ৩ টা বয়ন সম্প্ৰসাৰণ সেৱা কেন্দ্ৰ আৰু ৩৪ খন প্ৰাথমিক বোৱা-কটা সমবায় সমিতি চলাই আছে ৷ ইয়াৰ উপৰিও চৰকাৰে শিপিনীৰ বাবে লোৱা বিভিন্ন উন্নয়নমূলক আঁচনিসমূহ সফলতাৰে ৰূপায়ণ কৰি আছে ৷
পৰিসংখ্যা :-