মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ Biswanath District

ৰাজ্যচৰকাৰৰ অধীনস্থ আচঁনিসমূহ

ৰাজ্যচৰকাৰৰ অধীনস্থ আচঁনিসমূহ :-

STATE SECTOR SCHEMES

১৷ শিপিণী সম্প্ৰসাৰণ সেৱা কেন্দ্ৰৰ দ্বাৰা বস্ত্ৰ উৎপাদন আঁচনি    

(WEAVERS EXTENSION SERVICE UNIT):-

এই সেৱা কেন্দ্ৰ সমূহে  থলুৱা শিপিণীৰ দ্বাৰা থলূৱা বস্ত্ৰ  উৎপাদন কৰে আৰু  সেই বস্ত্ৰ সমূহ চৰকাৰী নিৰিখত বিক্ৰীৰ ব্যৱস্থা কৰে৷ বস্ত্ৰ উৎপাদনৰ বাবে শিপিণীসকলক চৰকাৰী নিৰিখ অনুসৰি বোৱনী বানচ প্ৰদান কৰা হয়৷ লগতে কেন্দ্ৰসমূহে শিপিণীসকলক প্ৰয়োজনীয় কাৰিকৰী সেৱা আৰু দিহা পৰামর্শ আগবঢ়ায়৷ বর্তমান অসমত ৯৮ টা এনে ধৰণৰ সেৱা-কেন্দ্ৰ আছে৷ ইয়াৰে ৩ টা বিশ্বনাথ জিলাত অৱস্থিত৷ এটা বিশ্বনাথ চাৰিআলিত, এটা গহপুৰত আৰু  এটা কলাবাৰীত আছে৷

ইচ্ছুক শিপিনীসকলে সংশ্লিষ্ট সেৱা কেন্দ্ৰসমূহৰ লগত যোগাযোগ কৰিব পাৰে ৷

 

২৷ হস্ত তাঁত প্ৰশিক্ষণ কেন্দ্ৰ 

(HANDLOOM TRAINING CENTRE):-

বয়ন, ডিজাইনিং আদি বিষয়ত অসমত নতুন বোৱণী সৃ্ষ্টি কৰা তথা তেওঁলোকৰ দক্ষতা বৃদ্ধি কৰাটোৱেই হ’ল এই প্ৰশিক্ষণ কেন্দ্ৰ সমূহৰ উদ্দেশ্য৷ এই প্ৰশিক্ষণ কেন্দ্ৰ সমূহত এবছৰীয়া আর্টিজান পাঠ্যক্ৰম প্ৰৱর্তন কৰা আছে আৰু এই কেন্দ্ৰ সমূহত বছৰি ১৫ গৰাকীৰ পৰা ২০ গৰাকীলৈকে প্ৰশিক্ষার্থীয়ে প্ৰশিক্ষণ ল’ব পাৰে৷ প্ৰশিক্ষণৰ কালছোৱাত  প্ৰত্যেক প্ৰশিক্ষার্থীক  মাহিলি জলপানি দিয়াৰ ব্যৱস্থাও আছে৷ প্ৰশিক্ষার্থী সকল অবিবাহিত তথা তেওলোকৰ বয়স ১৫ বছৰৰ পৰা ২৫ বছৰৰ ভিতৰত  আৰু শিক্ষাগত অর্হতা অতি কমেও অষ্টম মান শ্ৰেণী উর্ত্তীর্ণ হোৱা বাঞ্চনীয়৷ প্ৰতিবছৰে জানুৱাৰী মাহত নতুন পাঠ্যক্ৰমৰ বাবে প্ৰ-পত্ৰ গ্ৰহণ কৰা হয় আৰু মার্চ মাহৰ পৰা  পাঠ্যক্ৰম  আৰম্ভ হয়৷ এবছৰীয়া পাঠ্যক্ৰমত উর্ত্তীর্ণ হোৱা প্ৰশিক্ষার্থী সকলে যাতে স্ব-নির্ভৰশীল হ’ব পাৰে তাৰ বাবে চৰকাৰে এটি বিশেষ আচনি যুগুত কৰিছে৷ উর্ত্তীর্ণ হোৱা প্ৰতিগৰাকী প্ৰশিক্ষার্থীক ২০,০০০/-টকাৰ তাঁত শাল ও সঁজুলি লগতে ৫,০০০/-টকাকৈ প্ৰান্তীয় মুলধন আগবঢ়োৱা হয়৷ ২০১৮-১৯ বর্ষত বিশ্বনাথ জিলাৰ ৩২ গৰাকী উর্ত্তীর্ণ হোৱা প্ৰশিক্ষার্থীক এই সুবিধা আগবঢ়োৱা হৈছে ৷

বর্তমান অসমত ১০২ টা হস্ততাঁত প্ৰশিক্ষণ কেন্দ্ৰ আছে আৰু ইয়াৰে ৩ টা বিশ্বনাথ জিলাত অৱস্থিত৷ বিহালীত, এটা গহপুৰত(ব্ৰহ্মাজান) আৰু এটা কলাবাৰীত আছে৷ ইচ্ছুক আবেদনকাৰীসকলে নাম ভর্তিৰ বাবে সংশ্লিষ্ট প্ৰশিক্ষণ  কেন্দ্ৰসমূহৰ লগত যোগাযোগ কৰিব পাৰে৷

 

৩৷শিপিনীৰ বোৱা-কটা সমবায় সমিতি গঠন আৰু পঞ্জীয়ন আঁচনি

(FORMATION AND REGISTRATION OF PRIMARY WEAVERS COOP SOCIETY):-

ওচৰা-ওচৰিকৈ থকা  এক বা ততোধিক গাৱঁৰ শিপিণী সকলে সংগঠিত হৈ হস্ত তাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ অধীনত বোৱাকটা সমবায় সমিতি গঠন আৰু পঞ্জীয়ন কৰিব পাৰে৷ বোৱা-কটা সমবায় সমিতি গঠন কৰিবলৈ অতি কমেও ১০০ গৰাকী সদস্য হ’ব লাগে আৰু এই সমবায় সমিতি সমূহৰ কাম-কাজ সমবায় উপ-বিধি ( Bye-Law ) মতে সম্পন্ন হয়৷ সময়মতে বিভাগীয় হিচাপ পৰীক্ষকৰ দ্বাৰা এই সমবায় সমিতিসমূহৰ হিচাপ পৰীক্ষণ কৰা হয়৷ লগতে প্ৰয়োজন অনুসৰি কাৰিকৰী সাহায্য প্ৰদান কৰা হয়৷ এই বোৱা-কটা সমবায় সমিতি গঠন কৰিও শিপিণীসকলে আর্থ-সামাজিক দিশত আগবাঢ়ি যাব পাৰে লগতে চৰকাৰে সময়ে সময়ে প্ৰদান কৰা বিভিন্ন আচঁনি সমূহৰো সুফল লাভ কৰিব পাৰে৷

     বর্তমান বিশ্বনাথ জিলাত মুঠ ৩৪ খন এনেধৰণৰ বোৱা-কটা সমবায় সমিতি আছে৷ ইয়াৰে ১৫ খন বিশ্বনাথ মহকুমাত আৰু ১৯ খন গহপুৰ মহকুমাত অৱস্থিত৷ ২০১৮-২০১৯ বর্ষত চৰকাৰে বিশ্বনাথ জিলাৰ মুঠ ১২ খন বোৱা-কটা সমবায় সমিতিলৈ ২৫,০০০/-টকাকৈ প্ৰান্তীয় মূলধন আগবঢ়াইছে৷

     ইচ্ছুক ব্যক্তিসকলে শিপিনীৰ বোৱা-কটা সমবায় সমিতি গঠন ও পঞ্জীয়ন কৰিবলৈ “অধীক্ষক, হস্ত তাঁত আৰু বস্ত্ৰ শিল্প, বিশ্বনাথ চাৰিআালি” ৰ লগত যোগাযোগ কৰিব পাৰে৷

 

৪৷সূতাৰ ভঁৰাল স্থাপন

(SETTING UP OF YARN BANK):-

বয়নশিল্পী সকলক যথোচিত মূল্যত গুণগত মানৰ সূতা প্ৰদানৰ উদ্দেশ্যৰে প্ৰতিখন জিলাতে সূতাৰ ভঁড়াল স্থাপন কৰি থকা হৈছে৷ বর্তমান চৰকাৰে ৩০% ৰেহাই হাৰত শিপিনীসকলক এই সূতা যোগান ধৰি আছে৷ নিয়োগৰ সুবিধা সৃষ্টিকৰা, প্ৰতিযোগিতামূলক পৰিৱেশ গঢ় দিয়া  আৰু বহনক্ষম অর্থনৈতিক উন্নয়নেই এই আঁচনিৰ মূল লক্ষ্য৷ এই আঁচনিত শিপিণীসকলক একোখনকৈ সূতাৰ পাছবুক (Yarn Pass Book) দিয়া হয়৷ এই পাছবুকৰ দ্বাৰা শিপিণীসকলে তেওলোকৰ প্ৰয়োজনীয় সূতা (প্ৰতিমাহে ৪.৫৪ কেজিকৈ মাৰচাৰাইজ সূতা নতুবা ১.৫০ কেজিকৈ পাট/মুগা সূতা) নির্দ্দিষ্ট সূতাৰ ভঁৰালৰপৰা ৩০% ৰেহাই হাৰত ক্ৰয় কৰিব পাৰে৷

     বর্তমান বিশ্বনাথ জিলাত আর্টফেড (জাগৰণ) ৰ দ্বাৰা এই আচঁনিখন ৰূপায়ণ কৰি থকা হৈছে৷ ইয়াৰে এটা শাখা বিশ্বনাথ চাৰিআালিত আৰু আন এটা শাখা পূব-ছয়দুৱাৰ উন্নয়ন খণ্ডত অৱস্থিত ৷ ইচ্ছুক শিপিনীসকলে প্ৰথমতে দুকপি পাছপর্ট ফটো আৰু একপি ভোটাৰ কার্ডৰ জেৰক্স সহ নির্দ্দিষ্ট আবেদন প্ৰ-পত্ৰ পুৰণ কৰি নিকটৱর্ত্তী আর্টফেডৰ শাখা নতুবা “অধীক্ষক, হস্ত তাঁত আৰু বস্ত্ৰ শিল্প, বিশ্বনাথ চাৰিআালি” ৰ কার্য্যালয়ত জমা দিব পাৰে৷ আবেদন প্ৰ-পত্ৰৰ প্ৰতিলিপি তলত উল্লেখ কৰা হ’ল ৷

 

সূতাৰ ভঁড়ালৰ জৰিয়তে সূতা ক্ৰয়ৰ আবেদন প্ৰ-পত্ৰ

 

১৷ শিপিনীৰ নাম              :-

 

২৷ সম্পূর্ণ ঠিকনা

 

  () পিতা বা স্বামীৰ নাম  :-

 

  () গাঁও বা চহৰ             :-

 

  () ডাকঘৰ                   :-

 

  () জিলা                      :-

 

  () পিন নং                   :-

 

৩৷ বয়স                        :-

 

৪৷ জিৱিকা                     :-

 

৫৷ শালৰ সংখ্যা              :-

 

৬৷ ফোন নং                   :-

 

৭৷ শিপিনীসকল বোৱা-কটা সমবায় সমিতি/এন,জি,/আত্ম সহায়ক গোটৰ সদস্য/সদস্যা নে ? 

 

                                                                                আবেদনকাৰী শিপিনীৰ স্বাক্ষৰ

                                                                                তাৰিখ :-              

 

 

৫৷শিপিনীৰ অর্থনৈতিক উত্তৰণ আঁচনি

(ECONOMIC UPLIFTMENT OF WEAVERS THROUGH WEAVING)

      ৰাজ্যখনৰ সুদক্ষ আৰু দুখীয়া শিপিনীসকলৰ বহনক্ষম অর্থনৈতিক উন্নয়নৰ লগতে হস্ততাঁত সামগ্ৰীৰ উৎপাদন বৃদ্ধি কৰাৰ উদ্দেশ্যেৰে এই আঁচনিখন প্ৰস্তুত কৰা হৈছে৷ ২০ গৰাকীকৈ শিপিনী থকা একোটা গোটে এই আঁচনিৰ সুফল লাভ কৰিব পাৰে৷ এই আঁচনিৰ অধীনত শিপিনীসকলক দক্ষতা বিকাশ (Skill up-gradation)ৰ প্ৰশিক্ষণ দিয়াৰ উপৰিও নতুন তাঁতশাল, কেঁচামাল (সূতা) আদি প্ৰদান কৰা হয়৷

     প্ৰতিবছৰে এই আঁচনিৰ বাবে কিছুসংখ্যক শিপিনীৰ গোট বাচনি কৰা হয়৷ ২০১৮-২০১৯ বর্ষত বিশ্বনাথ জিলাৰ পৰা ৭ টা এনেকুৱা গোট বাচনি কৰা হৈছে৷ ইয়াৰে ৫ টা গোট বিশ্বনাথ মহকুমাৰ আৰু ২ টা গহপুৰ মহকুমাৰ পৰা বাচনি কৰা হৈছে৷ ইতিমধ্যে এই ৭ টা গোটকে দক্ষতা বৃদ্ধিৰ প্ৰশিক্ষণ আৰু কেঁচামাল (সূতা) প্ৰদান কৰা হৈছে ৷

 

৬৷হেণ্ডলুম ক্লাষ্টাৰ ডেভেলপমেণ্ট প্ৰগ্ৰাম (HANDLOOM CLUSTER  DEV.PROGRAMME  UNDER     SOPD-G)

ৰাজ্যখনৰ হস্ততাঁত অঞ্চলসমূহৰ সামগ্ৰীক বিকাশৰ স্বার্থত প্ৰয়োজনীয় সা-সুবিধা আগবঢ়োৱাৰ উদ্দেশ্যেৰে এই প্ৰকল্প প্ৰস্তুত কৰা হৈছে৷ ৰাজ্য চৰকাৰে ৪০০-৫০০ গৰাকী শিপিনী থকা হস্ত তাঁত বস্ত্ৰ শিল্পৰ সম্ভাৱনাপূর্ণ একোটা অঞ্চল সামৰি এই আঁচনি প্ৰস্তুত কৰিছে৷ এই আঁচনিৰ দ্বাৰা শিপিনীসকলক বয়ন (weaving), ৰংকৰণ (Dyeing) আৰু চানেকি প্ৰস্তুতকৰণ (Designing) আদিৰ দক্ষতাবৃদ্ধিৰ প্ৰশিক্ষণ দিয়া হয়৷ প্ৰশিক্ষণৰ সময়ছোৱাত শিপিনী সকলক দৈনিক ১৫০/-টকা হাৰত জলপানি (stipend) দিয়াৰো ব্যৱস্থা আছে৷ তদুপৰি প্ৰয়োজন অনুসাৰে শিপিনীসকলক নতুন তাঁতশাল, তাঁতশালৰ সা-সঁজুলি, জেকার্ড মেচিন, প্ৰান্তীয় মূলধন (Working capital), তাঁতশালৰ চালিঘৰ নির্ম্মাণ আদিৰ সুবিধা প্ৰদান কৰা হয়৷ ইয়াৰ উপৰিও প্ৰতিবছৰে ৪০ গৰাকীকৈ শিপিনীক অভিজ্ঞতামূলক ভ্ৰমণ ( Exposure visit) ৰ বাবে অন্য ঠাইলৈ লৈ যোৱাৰ ব্যৱস্থা আছে৷

২০১৮-২০১৯ বর্ষত ৰাজ্যচৰকাৰে এই আঁচনিৰ বাবে অসমৰ ৬ টা অঞ্চল চিনাক্ত কৰিছে৷  বিশ্বনাথ জিলাৰ বাঘমৰা উন্নয়ন খণ্ড ৰ অন্তর্গত কলাপানী এলেকাটো এই আঁচনিখনৰ বাবে চিনাক্ত কৰা হৈছে৷ প্ৰায় ২ কোটি ব্যয় সাপেক্ষ এই আচনিখন ৩ বছৰত সম্পূর্ণ কৰাৰ লক্ষ্য থিৰ কৰা হৈছে৷ ইতিমধ্যে চৰকাৰে উক্ত প্ৰকল্পৰ বাবে প্ৰথম বছৰত ৬৬.৬৭ লক্ষ টকা মোকলাই দিছে৷ প্ৰাথমিক পর্য্যায়ৰ চার্ভে (Base line survey) কৰি ৫০০ গৰাকী শিপিনী জিলা বাচনি কমিটিৰ দ্বাৰা বাচনি কৰা হৈছে৷ এই ৫০০ গৰাকী শিপিনীৰ মাজৰ পৰা ২০ গৰাকীকৈ লগলগাই ২৫ টা গ্ৰুপ গঠন কৰা হৈছে৷ যোৱা ২৮/০৯/২০১৯ ইং তাৰিখে বিভাগীয় মন্ত্ৰী শ্ৰীযুত ৰঞ্জিৎ দত্ত মহোদয়ে বিশ্বনাথ জিলাৰ মাননীয় উপায়ুক্ত মহোদয়ৰ উপস্থিতিত প্ৰথমখন সজাগতা সভা উদ্বোধন কৰে৷ ইতিমধ্যে ৪০ গৰাকী শিপিনীক অভিজ্ঞতামূলক ভ্ৰমণ (Exposure visit) ৰ বাবে শুৱালকুছিলৈ লৈ যোৱা হয়৷ এই আঁচনিৰ অধীনত প্ৰথম বছৰত ৯৩ গৰাকী শিপিনীক নতুন তাঁতশাল, ৪০ গৰাকীক তাঁতশালৰ সা-সঁজুলি, ২০ গৰাকীক জেকার্ড  মেচিন, ৩৫ গৰাকীক প্ৰান্তীয় মূলধন, ৩১ গৰাকীক তাতঁশালৰ চালিঘৰ প্ৰদান কৰা হ’ব৷ তাৰোপৰি ৪০ গৰাকী শিপিনীক বয়নৰ প্ৰশিক্ষণ, ৪০ গৰাকীক ৰংকৰণৰ প্ৰশিক্ষণ আৰু ৪০ গৰাকীক ডিজাইনিংৰ প্ৰশিক্ষণ দিয়া হ’ব৷ ডিচেম্বৰ/২০১৯ ইং মাহৰ পৰা উক্ত প্ৰশিক্ষণৰ কার্য্যসূচী আৰম্ভ কৰা হ’ব ৷

 

৭৷ বিশ্ববেংকৰ আর্থিক সাহার্য্যৰে ৰূপায়িত  অসম কৃষি-বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্প

WORLD BANK FINANCED ASSAM AGRI-BUSINESS AND RURAL TRANSFORMATION PROJECT (APART):-

        অসম চৰকাৰৰ সৌজন্যত আৰু বিশ্ববেংকৰ আর্থিক সাহার্য্যৰে ৰূপায়িত  ৭ বছৰীয়া অসম কৃষি-বাণিজ্য  আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্প (APART) ২০১৮ চনৰ জানুৱাৰী মাহত শুভাৰম্ভ কৰা হয়৷ এই প্ৰকল্প ৰূপায়নত সমন্বয়কৰ ভূমিকা পালন কৰিছে অসম গ্ৰাম্য আন্তঃগাঠনি আৰু কৃষি সেৱা সমিতিয়ে (Assam Rural Infrastructure and Agricultural services society-ARIAS  society) ৷  ৰাজ্যখনৰ ১৬ খন জিলা সামৰি এই প্ৰকল্প ৰূপায়ন কৰা হব যদিও হস্ততাঁত আৰু বস্ত্ৰ শিল্প খণ্ডত অবিভক্ত কামৰূপ, শোণিতপুৰ, যোৰহাট, শিৱসাগৰ  আৰু লক্ষীমপুৰ  মুঠ ৫ খন ( বর্তমান ৮ খন ) জিলা সামৰি লোৱা হৈছে ৷ এই প্ৰকল্পত হস্ততাঁত আৰু বস্ত্ৰ শিল্প খণ্ডৰ মূল শিতান সমূহ হ,:

* শিপিনীৰ কার্য্য-কুশলতা বৃদ্ধিৰ প্ৰশিক্ষণ  ৷

* বিভাগীয় কর্মচাৰীসকলৰ দক্ষতা বৃদ্ধি   ৷

* ৰাজ্যিক পর্য্যায়ৰ জ্ঞান বিনিময় কর্মশালা ৷

* উন্নত হস্ততাঁত আৰু বস্ত্ৰ শিল্প খণ্ডলৈ কর্মচাৰী  আৰু শিপিনীৰ ভ্ৰমণৰ ব্যৱস্থা  ৷

* উচ্চমানৰ মূল্যসংযোজিত এড়ী আৰু মুগা বস্ত্ৰ উৎপাদনৰ বাবে কাৰিকৰী মানবিশিষ্ট তাঁতশাল আৰু সা-সঁজুলি যোগান ৷

* নতুন চানেকিৰ সংযোজন  তথা মানদণ্ড উন্নয়ন  ৷

* ব্ৰেণ্ড সংযোজন  আৰু বজাৰ সম্প্ৰসাৰণ ইত্যাদি  ৷

               ইয়াৰ উপৰিও জিলাসমূহত হস্ততাঁত আৰু বস্ত্ৰ উৎপাদন গোট  (Producers Group) আৰু হস্ততাঁত আৰু বস্ত্ৰ উৎপাদন সংস্থা (Farmers producers organization) গঠন কৰি ৫টা হস্ততাঁত আৰু বস্ত্ৰ উৎপাদন সংস্থাত একোটাকৈ সমূহীয়া সেৱা কেন্দ্ৰ স্থাপন, বাণিজ্য মেলা আৰু ক্ৰেতা-বিক্ৰেতা সন্মিলনৰ আয়োজন ইত্যাদি বিষয়সমূহো  সামৰি লোৱা হৈছে ৷ এই দীর্ঘকালীন প্ৰকল্পৰ ব্যাপক উদ্দেশ্য সমূহ হৈছে

* হস্ততাঁত উৎপাদিত ৰেচম  ( মুগা আৰু এড়ী ) ৰ উৎপাদন বৃদ্ধি ৷

* ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত  ‘অসমৰ ৰেচম’  ব্ৰেণ্ডৰ উপস্থাপন তথা বিপননৰ বৃদ্ধি  আৰু  প্ৰসাৰ কৰা ৷

অবিভক্ত শোণিতপুৰ জিলাৰ বাবে মুঠ ১০০০ গৰাকী হিতাধিকাৰী নির্ব্বাচন কৰাৰ লক্ষ্য থিৰ কৰা হৈছে আৰু  ৫ টা উন্নয়ন খণ্ড এই প্ৰকল্পৰ বাবে চিনাক্ত কৰা হৈছে ৷ ইয়াৰে ৪ টা উন্নয়ন খণ্ড নৱ গঠিত বিশ্বনাথ জিলাৰ অন্তর্গত আৰু ৭৫০ গৰাকী হিতাধিকাৰী এই  ৪ টা উন্নয়ন খণ্ডৰ পৰা জিলা পর্য্যায়ৰ সমন্বয়ৰক্ষী সমিতিয়ে  (District Level Co-ordination Committee) ইতিমধ্যে নির্ব্বাচন কৰিছে ৷

() বিশ্বনাথ উন্নয়ন খণ্ডৰ পৰা                ১৮৫ গৰাকী

() সাকোমঠা উন্নয়ন খণ্ডৰ পৰা            ১৯০ গৰাকী

() বিহালী উন্নয়ন খণ্ডৰ পৰা                 ১৯০ গৰাকী

() পূব-ছয়দুৱাৰ উন্নয়ন খণ্ডৰ পৰা        ১৮৫ গৰাকী

     ইতিমধ্যে এই উন্নয়নখণ্ড কেইটিৰ বিভিন্ন স্থানত দুলানি  সজাগতা সভা ( Awareness Programme) অনুষ্ঠিত কৰা হৈছে ৷