মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ Biswanath District

কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা ৰূপায়িত আঁচনিসমূহ

কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা ৰূপায়িত আঁচনিসমূহ :-

(CENTRAL SECTOR SCHEMES)

 

১৷ শিপিণীৰ মুদ্ৰা আঁচনি

(WEAVER MUDRA SCHEME):-

 

দেশৰ শিপিনীসকলক আর্থিক সহায় আগবঢ়াবলৈ এই আঁচনিৰ জৰিয়তে সহজ প্ৰক্ৰিয়াৰে সুলভ মূল্যৰ সুতৰ হাৰত ঋণ প্ৰদানৰ ব্যৱস্থা উপলব্ধ ৷ সর্বনিম্ন ৫০,০০০/-টকাৰ পৰা সর্বোচ্চ ৫ লাখ টকালৈ ৬% সুতৰ হাৰত এই ঋণ শিপিনীসকলৰ বাবে উপলব্ধ ৷ঋণ পৰিশোধৰ অৱধি ৩ বছৰ ৷ শিপিণী সকলে সংশ্লিষ্ট বেংক  আৰু জিলা/মহকুমা হস্ত তাঁত বস্ত্ৰ শিল্পৰ কার্য্যালয়ৰ লগত যোগাযোগ কৰি এই ঋণৰ বাবে আবেদন কৰিব পাৰে ৷

মুঠ ঋণৰ ২০% প্ৰান্তীয় মুলধনৰ সর্বোচ্চ ১০,০০০/-টকা ভাৰত চৰকাৰে বহন কৰে আৰু অতিৰিক্ত ভাগ শিপিণীয়ে বহন কৰিব লাগে ৷

২০১৮-২০১৯ ইং বর্ষৰ নৱেম্বৰ মাহলৈ  বিশ্বনাথ জিলাৰ ৬৭ গৰাকী শিপিনীৰ পৰা  এই ঋণৰ বাবে আবেদন পত্ৰ পোৱা গৈছে আৰু উক্ত আবেদন পত্ৰ সমূহ সংশ্লিষ্ট শাখা বেংকসমূহলৈ  ইতিমধ্যে  প্ৰেৰণ কৰা হৈছে  ৷

 

২৷ প্ৰধান মন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা

(PMJJBY):-

 

১৮ বছৰৰ পৰা ৫০ বছৰ বয়সৰ শিপিণী সকলৰ পৰিয়ালক আর্থিক নিৰাপত্তা প্ৰদানৰ সুবিধা দিয়াই হ’ল এই বীমা আঁচনিখনৰ মূল উদ্দেশ্য৷যদিও এই আচঁনিত  বছৰেকীয়া প্ৰিমিয়াম ৩৩০/-টকা,কিন্ত শিপিণী গৰাকীৰ বছৰেকীয়া বৰঙণি মাত্ৰ ৮০/-টকাহে ৷প্ৰিমিয়ামৰবাকী অংশ ভাৰতীয় জীৱন বীমা নিগম (১০০/-) আৰু ভাৰত চৰকাৰে (১৫০/-) বহন কৰে ৷ পূর্ব্বতে এই আঁচনিখন ‘ মহাত্মাগান্ধী বুনকৰ বীমা যোজনা’ নামেৰে চলি আছিল ৷ উল্লেখ কৰিবলগীয়া যে এই আঁচনিত কোনো মেচিউৰিটি ভেলু (Maturity Value) নাথাকে৷ এই আঁচনিৰ দ্বাৰা লাভ কৰিবলগীয়া সুবিধাসমূহ হ’ল…….

১৷বীমাকাৰী শিপিণী গৰাকীৰ যি কোনো কাৰণত মৃত্যু হ’লে (Natural death) উত্তৰাধিকাৰীয়ে লাভ কৰিব ২,০০,০০০.০০ টকা লগতে এই আচনিত অন্তর্ভুক্ত হোৱাৰ লগে লগে প্ৰধান মন্ত্ৰী সুৰক্ষা বীমা যোজনাৰো সুবিধা তলত দিয়া ধৰণে লাভ কৰিব ৷

২৷ বীমাকাৰীৰ দুর্ঘটনাত মৃত্যু (Accidental death) হ’লে উত্তৰাধিকাৰীয়ে লাভ কৰিব ২,০০,০০০.০০ টকা ৷

৩৷ বীমাকাৰী দুর্ঘটনাত সম্পূর্ণ পংগু (Total disability) হ’লে  লাভ কৰিব…২,০০,০০০.০০ টকা ।

৪৷ বীমাকাৰী দুর্ঘটনাত আংশিক পংগু (Partial disability) হ’লে লাভ কৰিব ১,০০,০০০.০০

২০১৬-২০১৭ ইং বর্ষলৈ বিশ্বনাথ জিলাৰ প্ৰায়  ৪০০ টা শিপিনী পৰিয়াল  মহাত্মাগান্ধী বুনকৰ বীমা যোজনা আঁচনিৰ দ্বাৰা উপকৃত হৈছে ৷ ২০১৯-২০২০ বর্ষত পৰিবর্তিত  প্ৰধান মন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা ৰ কাম আৰম্ভ কৰা হোৱা নাই৷ বিশ্বনাথ জিলাত অচিৰেই  এই আঁচনিখনৰ কাম আৰম্ভ কৰা হ’ব  ৷

৩৷হস্ত তাঁতৰ খণ্ডভিত্তিক বিকাশ প্ৰকল্প

(BLOCK LEVEL CLUSTER DEVELOPMENT SCHEME) :-

চৰকাৰে ৮০০-১০০০ শিপিনীথকা হস্ততাঁত বস্ত্ৰ শিল্পৰ সম্ভাৱনাপূর্ণ একো  একোটা উন্নয়নখণ্ড সামৰি এই আঁচনি প্ৰস্তুত কৰিছে ৷ প্ৰাথমিক জৰীপ ( Base line survey) ৰ জৰিয়তে শিপিনীসকলক বাচনি কৰা হয় লগতে জৰীপ কার্য্যৰ যোগেদি শিপিনীসকলৰ মূল প্ৰয়োজনীয়তা নিৰূপণ কৰি আঁচনিখন প্ৰস্তুত কৰা হয় ৷সেইমতে কিছুসংখ্যক শিপিনীক নতুন তাঁতশাল,কিছুমানক তাঁতশালৰ সা-সঁজুলি,কিছুমানক জেকার্ড মেচিন,প্ৰান্তীয় মূলধন,তাঁতশালৰ চালিঘৰ নির্ম্মাণ  আদিৰ সুবিধা প্ৰদান কৰা হয় ৷ এই আঁচনিৰ দ্বাৰা কিছুসংখ্যক শিপিনীক বয়ন,ৰংকৰণ আৰু ডিজাইনিং আদিৰ দক্ষতাবৃদ্ধিৰ প্ৰশিক্ষণ দিয়া হয় ৷ প্ৰশিক্ষণৰ সময়ছোৱাত শিপিনী সকলক  জলপানি (stipend) দিয়াৰো ব্যৱস্থা  আছে৷ এই আঁচনিখন ৩ টা বিত্তীয় বর্ষত সম্পূর্ণ কৰা হয়৷ আঁচনিখনৰ সর্ব্বোচ্চ খৰচ ২ কোটি টকা ৷

   বিশ্বনাথ জিলাত ৩ টা খণ্ডভিত্তিক প্ৰকল্পৰ কাম চলি আছে৷ ১ টা বিশ্বনাথ উন্নয়ন খণ্ডৰ অধীনত গড়েহাগী গাঁৱত, ২ টা বিহালী উন্নয়ন খণ্ডৰ অধীনত বৰালীমৰা  আৰু নাচবৰ গাঁৱত চলি আছে৷ ৩ টা বিত্তীয় বর্ষত সম্পূর্ণ হবলগীয়া এই আঁচনিসমূহ কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ গুৱাহাটীস্থিত শিপিনী সেৱা কেন্দ্ৰই (Weavers Service Centre) চোৱা-চিতা কৰি আছে৷ চৰকাৰে ইতিমধ্যে ১ম বছৰৰ আৱণ্টিত ধনৰাশি মোকলাই দিছে৷ এই ৩ টা প্ৰকল্পই বিশ্বনাথ জিলাৰ প্ৰায় ৩০০০ গৰাকী শিপিনীক উপকৃত কৰিব ৷ 

 

৪৷ হস্ততাঁত থূপভিত্তিক উন্নয়ন আঁচনি

(INTEGRATED HANDLOOM DEVELOPMENT SCHEME):-

এক বা ততোধিক গাঁৱৰ ৩০০-৫০০ গৰাকী শিপিনী থকা হস্ততাঁত বস্ত্ৰ শিল্পৰ সম্ভাৱনাপূর্ণ একো একোটা অঞ্চল সামৰি এই আঁচনি লোৱা হয়৷ প্ৰাথমিক জৰীপ (Base line survey) ৰ জৰিয়তে শিপিনীসকলক বাচনি কৰা হয় লগতে জৰীপ কার্য্যৰ যোগেদি শিপিনীসকলৰ মূল প্ৰয়োজনীয়তা নিৰূপণ কৰি আঁচনিখন প্ৰস্তুত কৰা হয়৷ সেইমতে কিছুসংখ্যক শিপিনীক নতুন তাঁতশাল,কিছুমানক তাঁতশালৰ সা-সঁজুলি, কিছুমানক জেকার্ড মেচিন, প্ৰান্তীয় মূলধন, তাঁতশালৰ চালিঘৰ নির্ম্মাণ আদিৰ সুবিধা প্ৰদান কৰা হয়৷ তদুপৰি এই আঁচনিৰ দ্বাৰা কিছুসংখ্যক শিপিনীক বয়ন, ৰংকৰণ আৰু ডিজাইনিং আদিৰ দক্ষতাবৃদ্ধিৰ প্ৰশিক্ষণ দিয়া হয়৷ প্ৰশিক্ষণৰ সময়ছোৱাত শিপিনী সকলক জলপানি (stipend) দিয়াৰো ব্যৱস্থা আছে৷ ইয়াৰ উপৰিও প্ৰতিবছৰে ৪০ গৰাকীকৈ শিপিনীক অভিজ্ঞতামূলক ভ্ৰমণ (Exposure visit) ৰ বাবে অন্য ঠাইলৈ লৈ যোৱা হয়৷ এই আঁচনিখন ৩ টা বিত্তীয় বর্ষত সম্পূর্ণ কৰা হয়৷ আঁচনিখনৰ সর্ব্বোচ্চ খৰচ ৬০ লাখ টকা৷

   ৩০০ গৰাকী শিপিনীক লৈ বিশ্বনাথ জিলাৰ বিশ্বনাথঘাটত এনেধৰণৰ এটি আঁচনি চলি আছে৷  ইতিমধ্যে দুটা পৰ্য্যায়ত কৰা এই আঁচনিৰ বাবদ চৰকাৰে ৩১.২৬৫ লাখ টকা মোকলাই দিছে৷ প্ৰথম পর্য্যায়ত ১৫ গৰাকীকৈ শিপিনী লগলগাই ২০ টা শিপিনীৰ গোট গঠন কৰা হৈছে আৰু প্ৰতিটো গোটৰে বেংক একাউণ্টত প্ৰান্তীয় মূলধন হিচাপে ৬০০০/-টকাকৈ জমা কৰি দিয়া হৈছে৷ ২০ গৰাকী শিপিনীক বয়নৰ প্ৰশিক্ষণ, ২০ গৰাকীক ৰংকৰণৰ প্ৰশিক্ষণ আৰু ২০ গৰাকীক ডিজাইনিংৰ প্ৰশিক্ষণ দিয়া হৈছে ৷ প্ৰশিক্ষণৰ অন্তত শিপিনীসকলক জলপানি (stipend) প্ৰদান কৰা হৈছে৷ ১ম বছৰত ৪০ গৰাকী শিপিনীক অভিজ্ঞতামূলক ভ্ৰমণ (Exposure visit) ৰ বাবে শুৱালকুছিলৈ লৈ যোৱা হয় আৰু ২য় বর্ষত আন ৪০ গৰাকী শিপিনীক নগাঁওৰ কচুৱালৈ অভিজ্ঞতামূলক ভ্ৰমণৰ বাবে লৈ যোৱা হয়৷ তদুপৰি ৫৭ গৰাকী শিপিনীক নতুন তাঁতশাল, ৬৪ গৰাকীক তাঁতশালৰ সা-সঁজুলি, ২৯ গৰাকীক  জেকার্ড মেচিন আৰু ১২ গৰাকীক তাঁতশালৰ চালিঘৰ প্ৰদান কৰা হয়৷ লগতে প্ৰতিটো গ্ৰুপকে বস্ত্ৰ উৎপাদনৰ বাবে প্ৰয়োজনীয় সূতা যোগান ধৰা হৈছে ৷

অধিক তথ্যৰ বাবে যোগাযোগ কৰক :-

www.dht.assam.gov.in

নতুবা

E-mail : assamhandloom@gmail.com

নডেল বিষয়া :- শ্ৰী বশিষ্ঠ কুমাৰ দাস

দূৰভাষ ৯৯৫৪২৫৫৯৯৫